বিহুৰেনো বিৰিণা

Play Now

ৰচনা কাল : ১৯৬৮
 
বিহুৰেনো বিৰিণা ---অ’ আইতা
অ' নাচনীৰ কলাফুল লৰে
বিহুৰেনো বিৰিণা ---অ’ আইতা
কেৰু মণি থুৰিয়া
পাতে সমনীয়া  ---অ’ আইতা
তুমি আমাৰ যুৰীয়া
ব'হাগতে পাতি যাওঁ বিয়া ---অ’ আইতা
কেৰুমণি গেজেৰা নামাৰিবা কেতেৰা
চাইয়েনো চাই থাকিবৰ মনে  --- অ’ আইতা
চায়েনো চাই থাকিবৰ মন ।
সলগুৰি বাগিচাৰ ঘননি অ’ বননি
তাতেনো নো নবহিলে মন ।
উমলাৰ তাতৰ শাল
সোণাপুৰ ঐ নগৰখন
সোণাপুৰ ঐ নগৰখন
তাতেহে তাতেহে তাতেহে
মোৰ বহি গ'ল মনে
আইতা নিমাতী ঐ
কেলেই দিছা,
কেলেই দিছা, কেলেই দিছা যৌৱনত ভৰি ?
বা বাগিছাৰে চা চাকৰি
নে নেলাগে লা লাহৰী
নে নেলাগে তলপৰ ধন।
তয়ে ধানে দাবি
ম‍য়ে হালে বামে
ম‍য়ে হালে বামে
সেযে হ'ব জীৱনৰ ধন।
অ’ আইকণ তোৰঘৰ সিপাৰত
অ’ আইকণ মোৰ ঘৰ ইপাৰত
আকৌ আইকণ দেহি ঐ তুমি যাবা ঘাটলৈ
ম‍ই থাকিম বাটলৈ চাই।
এনেনো ভাল লাগে আইতা
এনেনো ভাল লাগে
মুখলৈনো কিনো চাবা, পূৰ্ণিমাৰে জোনে
এনেনো ভাল লাগে আইতা
এনেনো ভাল লাগে ---
চকুলৈনো কিনো চাবা সৰগৰে তৰা
এনেনো ভাল লাগে আইতা
এনেনো ভাল লাগে
নাকলৈনো কিনো চাবা
তিলে ফুলে নাকে
এনেনো ভাল লাগে আইতা
এনেনো ভাল লাগে
অ দাঁতলৈনো কিনো চাবা
ডালিমৰে গুটি
এনেনো ভাল লাগে আইতা
এনেনো ভাল লাগে