আমি অসমীয়া নহওঁ দুখীয়া

Play Now

ৰচনা কাল : ১৯৬৮

কথাঃ- (সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল, 'আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হম?' সঁচা, পিছে)

গীতঃ 'আমি অসমীয়া নহওঁ দুখীয়া'
বুলি সান্ত্বনা লভিলে নহʼব
আজিৰ অসমীয়াই
নিজক নিচিনিলে
অসম ৰসাতলে যাব।।


 নানা জাতি-উপজাতি
ৰহণীয়া কৃষ্টি
আঁকোৱালি লৈ হৈছিল সৃষ্টি
এই মোৰ অসম দেশ
বিভেদ পৰিহৰি
নিজ হাতে শ্ৰম কৰি
দেশক নগঢ়িলে
এই দেশ হʼব নিঃশেষ
আৰু মনবোৰো ভাগি ছিগি যাব --
আজিৰ অসমীয়াই নিজকে নবচালে

অসমতে মগনীয়া হʼব।

প্ৰতি অসমীয়াই কি কৰা উচিত,
উপদেশ দিবলৈ নাই লাচিত
'ডাঙৰ নহয় দেশতকৈও মোৰ'
দুৰ্ব্বলচিতীয়া মোমাইবোৰ' বোলা
হেংদানধাৰী লাচিত নাথাকিলেও
আগুৱাই যাবই লাগিব
অʼ নহʼলে অসমীয়াই অসমৰ মাটিতে
নিজেই মগনীয়া হʼব।।

কথাঃ "অসম মৰিলে আমিও মৰিম'' বুলি
কʼবলৈ কোনো যে নাই বুলি আজি কোনে কয়?

গীত : কোনোবা কাপুৰুষক
পুৰুষ কৰিবলেʼ
জ্যোতিপ্ৰসাদো যে আছে।
"অসম মৰিলে আমিও মৰিম''
বুলি কʼবলৈ শ্বহীদো আছে।
আজি অম্বিকাগিৰীৰ চিঞৰক হাজাৰে
হাতে-কামে নৱৰূপ দিব।
আজিৰ অসমীয়াই সংগ্ৰাম নকৰিলে
অসমতে ভগনীয়া হʼব।।


আনৰে লগতে অসমীয়া অসমতে
যদিহে নেবাচে বাৰু কʼতনো বাচিব
মোৰ আইক ভালপাওঁ বুলিলে
আনৰ আইক জানো ঘিণ কৰাটো বুজাব?
প্ৰতি অসমীয়া, আমি ভাল ভাৰতীয়
আৰু দূৰণিৰপৰা আহি লুইতৰ পাৰৰে
মাটিত মাতৃ বোলা প্ৰতি ভাৰতীয় হʼল
নতুন ৰূপৰ অসমীয়া।
আমি সেইভাৱে থাকিলেই হʼব
নহʼলে আমাৰ 'ৰাজহাড় নাই' বুলি
বিশ্বই বৰকে হাঁহিব।।

বিশ্বপ্ৰেম বিনন্দীয়া বুলি
অনুভৱ কৰা প্ৰতিজন অসমীয়া
তুমিওতো জানা এটি কথা --
আপোন মাতৃৰ অশ্ৰু নমচিলে
বিশ্বপ্ৰেম হʼব বৃথা
তুমি বিশ্বৰ শৰীৰত পঙ্গু অঙ্গ হʼলে
বিশ্বই জানো ভাল পাব?
পৃথিৱীত জনমি সচেতন নহʼলে
প্ৰাপ্যও থিতাতে হেৰাব।।

থলুৱা আৰু নতুন অসমীয়াক
এইবেলি -- সেঁৱা যাচি লৈ
সোঁৱৰাব খুজিছোঁ
অসমৰ ৰাইজে নিজকে পাহৰিলে
ভোগালীতো দুৰ্ভোগ পাব
আৰু বাপতি-সাহোন সেই ৰঙালী বিহুটিও
কঙালীত পৰিণত হʼব।।
আজিৰ অসমীয়াই নিজক নবচালে
অসম ৰসাতলে যাব।

বিঃদ্ৰঃ  গীতটিৰ চতুৰ্থ পদটি ১৯৮০ চনত কিছু সাল-সলনি কৰিছে।  প্ৰথমতে  গীতটিৰ চতুৰ্থ পদটি আছিল এনেধৰণৰ-- "কোনোবা কাপুৰুষক পুৰুষ কৰিবলৈ
জ্যোতিপ্ৰসাদো নাই
অসম মৰিলে, আমিও মৰিম
বুলি কʼবলৈ কোনো যে নাই
আজি অম্বিকাগিৰী নাই
দেশ গʼল গʼল বুলি
দিনে নিশাই চিঞৰিব।।"