আজি জীৱন বুটলিবি

ৰচনা কাল : ১৯৭০

(এই গীত ইতিবাচক
এই গীত মোৰ মনৰ প্ৰকাশ
উদ্দেশ্য : হেজাৰ জনৰ ই প্ৰকাশ হওক )

আজি জীৱন বুটলিবি
হাঁহি হাঁহি আহ্‌
আজি মৰণ পাহৰিবি
হাঁহি হাঁহি আহ্‌ ।
বাঁহীটি লৈ আহ্‌
আৰু হাঁহিটি লৈ আহ্‌
আজি যুগৰ নতুন দিগন্তলৈ
ওলাই ওলাই আহ্‌।
মনৰ চৰাইটিক আৰু কিমান বান্ধিবি
কালৰ এলান্ধু চাই কিমান কান্দিবি;
আজি বন্ধ সজাৰ দুৱাৰ ভাঙি নাহনে ওলাই?
আজি জ্যোতিৰ নতুন দিগন্তলৈ ওলাই ওলাই আহ্‌।

(আজি) সময় ধাৰাপাতত দেখোন নাই বিয়োগৰ ঘৰ
জীৱন-পথাৰ নদন-বদন মুক্ত মানুহৰ
কিমান নিদি কিমান পালি কিমান গণিবি ?
ৰাহিখিনি পূৰণ কৰি কিমান সাঁচিবি ?
আজি যিমান পালি সিমান কিয় নিদিয় বিলাই?
আজি ত্যাগৰ নতুন দিগন্তলৈ ওলাই ওলাই আহ্‌।
আজি যুগৰ নতুন দিগন্তলৈ ওলাই ওলাই আহ্‌।
আজি জ্যোতিৰ নতুন দিগন্তলৈ ওলাই ওলাই আহ্‌।