আহুধান দাবলৈ

ৰচনা কাল : ১৯৯৩

প্ৰথম ডেকা :- আহুধান দাবলৈ
    লাগে কেতেবেলি
    বাওধান দাবলৈ টান,
    
দ্বিতীয় ডেকা :-   অঁʼ টান  

প্ৰথম ডেকা :-  আমাৰে গাঁৱতে
    সোণ বুটলিছোঁ
    পথাৰত ওপচে ধান,
    পথাৰত ওপচে ধান নাজীতৰা
    পথাৰত ওপচে ধান।
    
দ্বিতীয় ডেকা :-  মাছ মাৰোঁ দিচাঙত
    পানী খাওঁ কলঙত
    হেʼ মাছ মাৰোঁ দিছাঙত
    পানী খাওঁ কলঙত
    টুলুঙা নাৱতে উঠি
    জীৱন লুইততে বিচাৰোঁ তোমাক জান
    জীৱন লুইততে বিচাৰোঁ তোমাক জান
    আমালৈ নিদিবা পিঠি নাজীতৰা
    আমালৈ নিদিবা পিঠি।
    
    একেটি বৰশী বাবা ঐ চেনাইটি
    চেঙেলী মাৰিবৰ চিপত
    অʼ গাভৰু দেখিলে মিচিকাই হাঁহিবা
    আহিব চকুৰে টিপত।
    অʼ চেঙেলী মাৰিবৰ চিপত।
    চকু টিৰেটিৰাই জান ঐ
    হৃদয়ে নসহে জান ঐ
    শৰালি হাঁহজাক চোৱাঁ
    আমালৈ নেচায়, আকাশ চাই চাই
    চিলনী সাঁতোৰহে দিয়া।
    
    মাকৰি ঐ ঘিলাটি, ঘূৰাব সোণ নেজান
    বাগৰি বাগৰি পৰে,
    অʼ কঁকাল সৰু সৰু; গাভৰু আনিমে
    উঘানো ঘূৰাদি ঘূৰে।
    
    গাভৰু : যাঃ লাজো নেলাগে
    গাভৰু জোকাব
    নিজহাতে ৰিহা বৈ লওঁ
    বজৰুৱা পটলুং পিন্ধি মাৰাঁ ফিটাহি
    চিঃ কটা লাজত মৰি যাওঁ।
    
    প্ৰথম ডেকা : কাপোৰত পাতিলা ঐ জান
    ইলাচী-বিলাচী ঐ জান    
    ৰিহাত বাছি লʼলা তেজ,
    বিহুটি আহিছে
    টিপতে সুধিছোঁ
    লাগিছাঁ কি গুণে পেচ্‌।
    
    সোণে হালধীয়া
    সৰিয়হ ডৰা ঐ
    চালে চকুত ধৰে তাৰ
    অʼ কিনো আনন্দতে
    ঢাপলি মেলিছাঁ
    কিহৰনো বতৰা পাই।
    
    ৰাজহুৱা ন-খোৱা ঐ ৰাম
    গাঁৱে গাঁৱে পাতিছে ঐ ৰাম
    গাঁৱে গাঁৱে পাতিছে ঐ ৰাম
    হিয়াখন নাচিছে ঐ ৰাম
    হিয়াখন নাচিছে ঐ ৰাম
    গাঁওখন বচাবা ঐ ৰাম
    গাঁওখন বচাবা ঐ ৰাম
    সকলোৱে মিলিজুলি ঐ ৰাম
    সকলোৱে মিলিজুলি ঐ ৰাম
    সকলোৱে মিলিজুলি ঐ ৰাম
    সকলোৱে মিলিজুলি ঐ ৰাম
    সকলোৱে মিলিজুলি ঐ ৰাম
    সকলোৱে মিলিজুলি ঐ ৰাম।।